কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰতৰ বৈদ্যুতিক বাহন আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ বজাৰত ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি পেৰিছত বিশ্বৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৩ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ যোৱা শ্রীগোৱেলে কাইলৈ বাণিজ্য সংস্থাৰ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকতো ভাগ ল’ব। ভ্ৰমণৰ সময়চোৱাত মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ অৰ্থনীতি, বিত্ত আৰু উদ্যোগ মন্ত্ৰী এৰিক লম্বাৰ্ড আৰু ফ্ৰান্সৰ বাণিজ্য মন্ত্ৰী লৰিয়েণ্ট ছেইণ্ট মার্টিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰা হ’ব।
Assamese | June 2, 2025 8:47 PM | Akashvani | Akashvani News | Piyush Goel
৩ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ যোৱা পিয়ুছ গোৱেলে মঙলবাৰে বাণিজ্য সংস্থাৰ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ ল’ব