জম্মু কাশ্মীৰত চৰকাৰে দুয়োগৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক নিজৰ নিজৰ অধীনৰ অঞ্চলসমূহৰ মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। জম্মু-কাশ্মীৰৰ মুখ্য সচিবে অলপতে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ দ্বাৰা দিয়া এটা নির্দেশত কেন্দ্রীয় শাসিত প্ৰদেশৰ মন্দিৰসমূহৰ বৰ্তমানৰ অৱস্থাৰ বিতং তথ্য জনাবলৈ নিৰ্দেশ দিছিল উল্লেখযোগ্য যে এই নিৰ্দেশৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলত মন্দিৰ পুনৰুদ্ধাৰ সন্দৰ্ভত মুখ্য সচিবগৰাকী আলোচনাত মিলিত হয় আৰু মন্দিৰৰ চোৱাচিতা আৰু ভূমিৰ সীমা নিৰ্দ্ধাৰণৰ বাবে এখন সমিতি গঠন কৰাৰ বিষয়টো সোঁৱৰাই দিয়ে। মুখ্য সচিবগৰাকীয়ে সাংস্কৃতিক বিভাগক মন্দিৰসমূহৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে আয়ুক্তৰ পৰা বিতং তথ্য সংগ্ৰহ কৰি সাংস্কৃতিক বিভাগৰ ৱেবছাইটত আপলোড কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | October 14, 2024 6:14 PM | Akashvani | Jammu | Jammu and Kashmir
২ গৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ জম্মু কাশ্মীৰ চৰকাৰৰ নিৰ্দেশ