সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ তথা চমুকৈ এ আই চি টি ই-য়ে ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে অভিলাষী পদক্ষেপ গ্রহণ কৰিছে। অসমীয়া ভাষাৰ লগতে গুজৰাটী, কানাড়া, হিন্দী, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু আৰু উর্দু ভাষাত পাঠ্যক্রমসমূহ উপলব্ধ হ’ব। প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে ৬০০ খন পাঠ্যক্রম প্রস্তুত কৰি ১২টা আঞ্চলিক ভাষাত আপল’ড কৰা হৈছে। তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ পাঠ্যপুথিৰ কাম সম্প্রতি চলি আছে। এ আই চি টি ই-ৰ আৰ্হিৰ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা এই পাঠ্যপুথিসমূহে চিভিল, মেকানিকেল, ইলেকট্রনিকছ আৰু কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ দৰে মূল বিষয়সমূহ সামৰি লৈছে। ছাত্র-ছাত্রীয়ে নিজ নিজ মাতৃভাষাত বুজিবলৈ সহায় কৰাৰ উদ্দেশ্যেৰে এই পাঠপুথিসমূহ প্ৰস্তুত কৰা হৈছে। এ আই চি টি ই-ৰ অধ্যক্ষ, অধ্যাপক টি জি সীতাৰামে কয়, যে পাঠ্যপুথিসমূহৰ অনুবাদ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা হৈছে।
Assamese | April 13, 2025 12:17 PM | AICTE
২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ এ আই চি টি ইৰ পদক্ষেপ