২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ’ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল’ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণী, দেওকন সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল প্রতিযোগিতালৈ বাছনি কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
Assamese | June 25, 2024 8:35 PM | Football | Sonitpur district | SPORTS
১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা