হিমাচল প্ৰদেশৰ চোলান জিলাত কালি সংঘটিত এটা বিধ্বংসী অগ্নিকাণ্ডত ৪ জন শ্রমিকে প্রাণ হেৰুৱায় আৰু ৫ জন সন্ধানহীন হয়। জিলাখনৰ আৰ্কীত থকা পুৰণি বাছ ষ্টেণ্ডৰ সমীপত দূর্ঘটনাতো ঘটে। জিলা প্ৰশাসন আৰু কেইবাটাও দলে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে। ভুক্তভোগী লোকসকল নেপালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে। আজি পুৱা এন ডি আৰ এফৰ এটা দল আৰু এটা দগ স্কোৱাদে উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰে। মহকোমা দণ্ডাধিশ আৰ্কী নিশান্ত টোমাৰে কৈছে যে উদ্ধাৰ হোৱা অৱশিষ্টৰ চিনাক্তকৰণ ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে সম্ভৱ হ’ব। স্থানীয় বিধায়ক সঞ্জয় অবস্থীয়ে আজি দূর্ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰে। কেন্দ্রীয স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডাই গভীৰ শোক প্ৰকাশ কৰিছে।
Assamese | January 13, 2026 6:21 PM | Akashvani | Akashvani News | Himachal Pradesh
হিমাচল প্ৰদেশৰ চোলান জিলাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৪ জন শ্রমিকৰ মৃত্যুৰ লগতে ৫ জন সন্ধানহীন