হানয়ত অনুষ্ঠিত ষষ্ঠ ভাৰত-ভিয়েটনাম সৈন্য অনুশীলন ভিনবেক্সৰ উদ্বোধনী অনুষ্ঠানত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু ভিয়েটনামৰ উপ মুখ্য জেনেৰেল ষ্টাফ ফুংচিটেনে যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি প্ৰকাশ কৰা অনুসৰি ভিনবেক্স হৈছে ভাৰত আৰু ভিয়েটনামৰ মাজৰ দ্বিপাক্ষিক সামৰিক অনুশীলন। এই অনুশীলনৰ লক্ষ্য হৈছে আন্তঃ সঞ্চালন ক্ষমতা বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানসমূহত সর্বোত্তম অৱদান আগবঢ়োৱা। ইয়াৰ জৰিয়তে প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷
Assamese | November 11, 2025 8:03 PM | Akashvani | Akashvani News | India Vs Vietnam
হানয়ত অনুষ্ঠিত ষষ্ঠ ভাৰত-ভিয়েটনাম সৈন্য অনুশীলন