উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ কৰ্তৃপক্ষই পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পৰম্পৰা অনুসৰি মাঘৰ দোমাহীত মন্দিৰৰ বাকৰিত এই খেল অনুষ্ঠিত কৰা হয়। উচ্চতম ন্যায়ালয়ে ২০১৫ চনত এই খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি খেল পৰিচালনা সমিতিয়ে বুলবুলি চৰাইৰ খেল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Assamese | January 13, 2026 8:43 PM | Akashvani | Akashvani Guwahati | Hajo
হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ কৰ্তৃপক্ষই পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত