January 4, 2025 12:02 PM | typa adhibeshon sonari

printer

সোণাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

চৰাইদেউ জিলা সদৰ সোণাৰি নগৰৰ কাষৰীয়া চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিজয় ৰাজকোঁৱৰে বৰ অসমৰ প্ৰণেতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নীতি আৰু আদৰ্শৰে পৰিচালিত হোৱা টাই আহোম যুৱ পৰিষদৰ ভৱিষ্যতৰ কাৰ্যসমূহো এনেদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই কেন্দ্ৰীয় অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২২ খন জিলা সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলে অংশগ্রহণ কৰিছে।