সীমান্ত পথ সংস্থাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি স্বস্তিক প্রকল্পই কেতবোৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে সংস্থাটোৰ বিভিন্ন কাম-কাজৰ উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ ছিকিমৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশত স্বস্তিক প্রকল্পই বাইক সমদলৰ আয়োজন কৰে। এই সমদলে ৰাংমা ৰেঞ্জৰ লাচেন, জিমা, ডনখাইলাপাছ আৰু লাচুং হৈ পুনৰ আৰম্ভণিৰ স্থানলৈ ঘূৰি আহে। লাচেনৰ পাইপেনে পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। বাইক আৰোহীসকলক লাচেন, থাংগু, শিৱমন্দিৰ, লাচুং আদি ঠাইত স্থানীয় লোক আৰু প্ৰশাসনে আদৰণি জনায়। ৰাজধানী গেংটকত সীমান্ত পথ সংস্থাৰ ৩০০ৰো অধিক কৰ্মচাৰীয়ে মুখ্য অভিযন্তাৰ নেতৃত্বত আঢ়ৈ কিলোমিটাৰ জোৰা পদযাত্ৰাত অংশগ্ৰহণ কৰে।
Assamese | May 4, 2024 6:06 PM | BRO Rising Day
সীমান্ত পথ সংস্থাৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে স্বস্তিক প্রকল্পৰ কাৰ্যসূচী গ্ৰহণ