কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে চৰাইদেউ জিলাৰ সাপেখাঁটিত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয় নিৰ্মাণৰ অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে আজি এই কথা সদৰি কৰি কয়, যে নতুন বিদ্যালয়খনৰ সংযোজনে জিলাখনৰ শিক্ষাৰ মান অধিক শক্তিশালী কৰাৰ লগতে শিশুসকলক উন্নত শিক্ষাৰ সুযোগ প্ৰদান কৰিব। এই সিদ্ধান্তৰ বাবে তেওঁ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক কৃতজ্ঞতা জ্ঞাপন কৰে।
Assamese | June 11, 2025 9:30 PM | Akashvani Guwahati | Akashvani News
সাপেখাঁটিত এখন নতুন জৱাহৰ নবোদয় বিদ্যালয় নিৰ্মাণত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ অনুমোদন