কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আজি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰিছে আৰু পৰৱৰ্ত্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে পুনৰ তেওঁক সোধা-পোছা কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে শ্ৰীগগৈয়ে কালি এখন সংবাদমেলত প্ৰায় ১৪ বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে এই ভ্রমণ সম্পূর্ণ বৈধ আছিল বুলিও তেওঁ প্ৰকাশ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ড০ শর্মাই শ্রীগগৈয়ে ১০০ শতাংশ সঁচা কথা কোৱা নাই বুলি উল্লেখ কৰিছিল।
Assamese | May 29, 2025 8:03 PM | Akashvani Guwahati | CMO Assam | Gaurav Gogoi | Ripun Bora
সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ ৰিপুণ বৰাক দীৰ্ঘ সময় জুৰি সোধা-পোছা