কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে সম্প্ৰতি মহিলাসকলে ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি প্ৰকাশ কৰিছে।
নতুন দিল্লীত আজি সুৰক্ষা বিষয়াসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মাতৃ, ভগ্নী আৰু কন্যাসকল সবল আৰু সুৰক্ষিত হ’লেহে উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰিব পৰা যাব।
মহিলাসকলৰ মাজত সুৰক্ষা আৰু মৰ্যাদাৰ মনোভাৱ গঢ়ি তোলাটো চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি অন্নপূর্ণা দেৱীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ শক্তিৰ মাজত দেশৰ শক্তি নিহিত হৈ আছে বুলি দৃঢ়ভাৱে বিশ্বাস কৰে।
প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা আৰু অপৰাধৰ বলি হোৱা প্ৰতিগৰাকীৰ লোকক ক্ষিপ্ৰ ন্যায় প্রদান নিশ্চিত কৰাটো চৰকাৰৰ উমৈহতীয়া লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।