সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই দিনটোত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ধপাত আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কুইজ, ৰচনা, শ্ল’গান লিখা প্রতিযোগিতা, বাটৰ নাট, স্বাক্ষৰ অভিযান, তথ্য চিত্ৰ প্ৰদৰ্শন, ৰেলী আদিৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Assamese | May 29, 2025 8:16 PM | Akashvani | Akashvani News | No Tobaco day
সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ