সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছে। দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈয়ে কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা অন্তৰংগ বাৰ্তালাপত এই কথা প্রকাশ কৰে। সম্প্ৰতি অসমত ব্যাপক হাৰত গঢ় লৈ উঠা প’ৰ্টেল চেনেলসমূহৰ সংবাদ পৰিৱেশন সন্দৰ্ভত মত প্ৰকাশ কৰি সাংবাদিকগৰাকীয়ে কয়, যে তেওঁলোকে মনোৰঞ্জন আৰু সংবাদ পৰিৱেশনৰ মাজৰ পাৰ্থক্য নোহোৱা কৰিব ধৰিছে। প’ৰ্টেল সমূহৰ ক্ষেত্ৰত তেওঁ কেতবোৰ নীতি-নিয়ম প্ৰৱৰ্তনৰ পোষকতা কৰে। অনুষ্ঠানত শ্ৰী গগৈয়ে তেওঁৰ ব্যক্তিগত জীৱন আৰু সাম্প্ৰতিক সময়ৰ সাংবাদিকতাৰ প্ৰেক্ষাপট সম্পর্কেও মত প্রকাশ কৰে ৷
Assamese | July 6, 2025 1:01 PM | air guwahati dristipat | BBC Journalist
সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছেঃ দৃষ্টিপাতত সাংবাদিক শচীন গগৈ