January 15, 2026 8:17 PM

views 49

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগ কৰ্মচাৰীৰ সহযোগত ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ বিশেষ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটো বিশেষভাবে আয়োজন কৰিছে। সেইদিনা নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কর্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাবে প্রচাৰিত হ'ব। অনুষ্...

August 13, 2025 9:30 PM

views 40

আকাশবাণী গুৱাহাটীৰ ১৬ আগষ্টৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো’ শীর্ষক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাধীনতাৰ ৭৮ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰচাৰ কৰি অহা অনুষ্ঠানমালাৰ অংশ হিচাপে অহা ১৬ আগষ্ট শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্ৰত্যাশা-কি পালো, কি নাপালো" শীর্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

July 6, 2025 1:01 PM

views 57

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছেঃ দৃষ্টিপাতত সাংবাদিক শচীন গগৈ

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছে। দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈয়ে কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা অন্তৰংগ বাৰ্তালাপত এই কথা প্রকাশ কৰে। সম্প্ৰতি অসমত ব্যাপক হাৰত গঢ় লৈ উঠা প'ৰ্টেল চেনেলসমূহৰ সংবাদ পৰিৱেশন সন্দৰ্ভত মত প্ৰকাশ কৰি সাংবাদিকগৰাকীয়ে কয়, যে তেওঁলোকে মনোৰঞ্জন আৰু সংবাদ পৰিৱেশনৰ মাজৰ পাৰ্থক্য নোহোৱা কৰিব ধৰিছে। প'ৰ্টেল সমূহৰ ক্ষেত্ৰত তেওঁ ...

June 5, 2025 9:37 PM

views 35

আকাশবাণী গুৱাহাটীৰ অহা ৭ জুনৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কেইগৰাকীমান বাতৰি পঢ়োৱাৰ সৈতে অন্তৰংগ আলাপ

আপোনালোকৰ বাবে তেওঁলোকৰ কণ্ঠ হয়তো সুপৰিচিত। কিন্তু আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে। এনে কেইগৰাকীমান বাতৰি পঢ়োতাৰ ভিন্ন পৰিচয় আগবঢ়োৱা হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ৭ জুনৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশিকাই ৷

May 31, 2025 12:07 PM

views 36

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা ৮ বাজি ২ মিনিটৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা’ শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ১০১ দশমিক মেগাহার্টজ, অল ইণ্ডিয়া ...

May 30, 2025 11:30 AM

views 59

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ১০১ দশমিক ৬ মেগাহার্টজ, অল ইণ্ডি...

May 9, 2025 11:41 AM

views 26

‘অপাৰেচন সিন্দূৰ’ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰত কাইলৈ নিশা ৮.০২ বজাত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপাৰেচন সিন্দূৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বায়ুসেনা বাহিনীৰ বিষয়া আৰু জ্যেষ্ঠ নাগৰিকসকলে এই অভিযান আৰু যুদ্ধকালীন সময়ত জনসাধাৰণৰ কৰণীয় সম্পর্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানত উপস্থাপন, পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 24, 2025 12:05 PM

views 36

ৰাজ্যৰ ৩গৰাকী নতুন উদ্যমীৰ সফলতাৰ কাহিনীৰে অহা শনিবাৰে আকাশবাণী গুৱাহাটীত বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই পৰহিলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ তিনিগৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 19, 2025 9:30 PM

views 54

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজনঃ ড° নগেন শ‍ইকীয়া

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজন বুলি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শ‍ইকীয়াই মন্তব্য কৰিছে। শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি প্ৰচাৰিত বিশেষ দৃষ্টিপাত অনুষ্ঠানত ড° শ‍ইকীয়াই এই মন্তব্য কৰে। তেওঁ লগতে শব্দ বা বাক্য লিখাৰ ক্ষেত্ৰত খোকোজা দূৰ কৰাৰ বাবে এখন হাতপুথি প্রস্তুত কৰাৰ পোষকতা কৰে। অনুষ্ঠানটোত আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট শিক্ষাবিদ ড° কৰুণ...

March 13, 2025 8:26 PM

views 30

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘ফাকুৱা বা দৌল উৎসৱৰ ৰং’ শীৰ্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্রোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।