আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ১০১ দশমিক মেগাহার্টজ, অল ইণ্ডিয়া ৰেডিঅ’ এপৰ লগতে ফে’চবুক পেজ AIRNEWSGHY.RNUত আৰু ইউটিউব চেনেল @AIRNEWSGUWAHATIত লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাব ।
Assamese | May 31, 2025 12:07 PM | air guwahati dristipat
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা ৮ বাজি ২ মিনিটৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা’ শীৰ্ষক বিশেষ আলোচনা