July 6, 2025 1:01 PM

views 57

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছেঃ দৃষ্টিপাতত সাংবাদিক শচীন গগৈ

সংবাদ মাধ্যমৰ বাবে সাম্প্ৰতিক সময়ত প্ৰকৃত নিৰপেক্ষতা বৰ্তাই ৰখাটো প্ৰত্যাহ্বান হৈ পৰিছে। দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈয়ে কালি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা অন্তৰংগ বাৰ্তালাপত এই কথা প্রকাশ কৰে। সম্প্ৰতি অসমত ব্যাপক হাৰত গঢ় লৈ উঠা প'ৰ্টেল চেনেলসমূহৰ সংবাদ পৰিৱেশন সন্দৰ্ভত মত প্ৰকাশ কৰি সাংবাদিকগৰাকীয়ে কয়, যে তেওঁলোকে মনোৰঞ্জন আৰু সংবাদ পৰিৱেশনৰ মাজৰ পাৰ্থক্য নোহোৱা কৰিব ধৰিছে। প'ৰ্টেল সমূহৰ ক্ষেত্ৰত তেওঁ ...

January 5, 2025 11:05 AM

views 58

সাম্প্রতিক সময়ত আহোম জনগোষ্ঠী সৰ্ববৃহৎ সংকটৰ মুখামুখি হৈছে বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈৰ প্ৰকাশ

সাম্প্রতিক সময়ত আহোম জনগোষ্ঠী সৰ্ববৃহৎ সংকটৰ মুখামুখি হৈছে বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈয়ে প্ৰকাশ কৰিছে। বি বি চিৰ চাউথ ইষ্ট এচিয়াৰ এডিটৰিয়েল লীড শচীন গগৈয়ে চৰাইদেউ জিলাৰ সোণাৰীত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিবেশনত অসমৰ জাতীয় জীৱনলৈ টাই আহোম জনগোষ্ঠীৰ অৱদান শীৰ্ষক বক্তৃতা অনুষ্ঠানত অংশগ্রহণ কৰে। তেওঁ কয়, যে ১৯৬২ চনত মিৰজুমলাই ৰাজধানী গড়গাঁও দখল কৰি আহোমৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছিল। দ্বিতীয় সংকটৰ সময়খিনি আছিল ১৬৭৯ চনৰ পৰা ১৬৮১ পর্যন্ত। ...