ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ষট্ পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে এই উৎসৱে সূৰ্য দেৱতা আৰু ষষ্ঠী মাইয়াক পূজা কৰা তথা প্ৰকৃতি মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুবিধা দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে এই উৎসৱে জনসাধাৰণক সূৰ্য দেৱতা আৰু ষষ্ঠী মাইয়াৰ প্রতি কৃতজ্ঞতা প্রকাশৰ সুবিধা আগবঢ়ায়। তেওঁ লগতে এই উৎসৱে প্ৰকৃতিৰ সমতা, সামাজিক একতা আৰু আধ্যাত্মিক শক্তি প্ৰদান কৰে বুলি উল্লেখ কৰে। শ্ৰী ৰাধাকৃষ্ণণে প্ৰতিগৰাকী লোকৰ জীৱনলৈ ষষ্ঠী মাইয়াই সুখ-সমৃদ্ধি আৰু নতুন শক্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
Assamese | October 27, 2025 7:44 PM | Akashvani | Akashvani News | Chhath Puja
ষট্ পূজা উপলক্ষে ৰাষ্ট্ৰপতি-উপ-ৰাষ্ট্ৰপতিৰ দেশবাসীক শুভেচ্ছা