শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাই এই কথা ঘোষণা কৰে।

জিলা আয়ুক্তগৰাকীয়ে কয়, যে ৰে’ল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷

এই সংবাদমেলতে নীতি-নিয়ম উলংঘা কৰা মহানগৰীত চলাচল ৬৩ খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ’ব বুলি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। কেইবাখনো গ্ৰীণ বাছে যান-বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।