■ শ্রীভূমি আৰক্ষীয়ে কালি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ ওভতাই পঠিয়াই। এই লোক কেইজনক মহম্মদ শ্বাৱন, মহম্মদ এছ এম পলাছ, আদ্দাছ মল্লিক আৰু ৰুকছানা বেগম বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে। যোৱা বছৰ চুবুৰীয়া ৰাষ্ট্ৰখনত অশান্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছৰে পৰা অসমত কমেও ৩২০ জন অনুপ্রৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
Assamese | March 30, 2025 2:25 PM | Akashvani Guwahati | Bangladesi | Sribhumi
শ্রীভূমিত ৪জন বাংলাদেশী নাগৰিকক আটক