ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত শিৱসাগৰত ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উপলক্ষে জিলা কাৰ্যকৰ্তাৰ এখন সন্মিলন অনুষ্ঠিত হয়।
শ্যাম মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যসভাৰ সাংসদ যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সাংসদগৰাকীয়ে ড০ মুখাৰ্জীক দেশ গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অনবদ্য অৱদান আগবঢ়োৱা বিৰল ব্যক্তিত্ব বুলি অভিহিত কৰে।
তেওঁ কয় যে এজন ৰাজনীতিবিদেই নহয়, এগৰাকী শিক্ষাবিদ আৰু স্বাধীন ভাৰতৰ প্ৰথম উদ্যোগ মন্ত্রীও আছিল। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশত তেওঁৰ অৱদান উল্লেখযোগ্য বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।