শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক কাম-কাজ তীব্ৰতৰ

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। একাধিক কাৰ্যসূচীৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া আজি শিলচৰত উপস্থিত হয়।

বিজেপিৰ জিলা কাৰ্যালয়ত দলীয় কৰ্মী আৰু সমৰ্থকৰ অভিবাদন গ্ৰহণ কৰি তেওঁ মৰ্চাৰ প্ৰদাধিকাৰীৰ সন্মিলনত অংশগ্ৰহণ কৰে। সভাত সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে মন্ত্ৰী কৌশিক ৰায় আৰু দলীয় সাংসদ তথা বিধায়কসকল উপস্থিত থাকে।

কাইলৈ শিলচৰত হ’বলগীয়া বিজেপিৰ বিশাল কৰ্মী সন্মিলনত দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।