অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪ হেজাৰ ৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিত থকাটো ধৰা পেলাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে দায়িত্ববাহী অতিৰিক্ত জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত সংশ্লিষ্ট শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শক নাইবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ সহযোগত অনুসন্ধান কৰি অনুপস্থিতিৰ কাৰণসহ প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে প্রতিবেদন দাখিল নকৰা পৰ্যন্ত এইসকল শিক্ষকৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। বিদ্যালয় শিক্ষা বিভাগৰ তথ্য অনুসৰি তিনিচুকীয়া জিলাত সৰ্বাধিক ৪২৪ জন শিক্ষক শিক্ষা সেঁতু এপত দীৰ্ঘদিন ধৰি অনুপস্থিত হৈ আছে। একেদৰে কামৰূপ মহানগৰ জিলাত ২৯৪, ধুবুৰীত ২৮৬, নগাওঁত ২৫৯, গোৱালপাৰাত ২৪৫, কৰিমগঞ্জত ২০২ আৰু কোকৰাঝাৰত ২০০ জন শিক্ষক শিক্ষা সেঁতু এপত অনুপস্থিত থকাটো চিনাক্ত হৈছে।
Assamese | July 6, 2024 6:37 PM | Assam Education | Assam Govt | shisha setu assam
শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪,৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিতিৰ চিনাক্ত