সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা ২২ নৱেম্বৰ, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ-উজ জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাস চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ৷
Assamese | November 20, 2025 8:11 PM | Akashvani | Akashvani News
শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান