মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
ড০ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাক দুটা জাৰ্ছী উপহাৰস্বৰূপে প্ৰদান কৰে।