লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ কোৱাড ৰাষ্ট্ৰসমূহৰ গভীৰ শোক প্ৰকাশ

ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সীমান্তৰে চলোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্রাসবাদক দ্বৈর্থহীনভাৱে গৰিহণা দিছে আৰু লালকিল্লাৰ সন্মুখত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নতুন দিল্লীত ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যগোটৰ বৈঠকত ৰাষ্ট্ৰকেইখনে সন্ত্রাসবাদক গৰিহণা দিয়ে। বৈঠকত কোৱাড ৰাষ্ট্ৰসমূহে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰমৰ লগতে সন্ত্ৰাসবাদৰ ভাবুকি বিষয়ক মূল্যায়ণৰ আদান-প্ৰদান কৰে। তেওঁলোকে লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলক সন্ত্ৰাসবাদৰ ভাবুকিৰ পৰা মুক্ত কৰি ৰখাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতিও প্রতিশ্রুতিবদ্ধতা প্রকাশ কৰে।