লখিমপুৰত আজি ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ কৰা হয়। মহিলা আৰু শিশু কল্যাণ বিভাগে জিলাখনৰ লখিমপুৰ, নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ ৩ হাজাৰ অংগনৱাড়ী কৰ্মীক স্মার্ট ফোন প্ৰদান কৰে। অনুষ্ঠানত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে বিধায়ক মানৱ ডেকা উপস্থিত থাকে। অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে মন্তব্য কৰে।
Assamese | May 26, 2025 8:41 PM | Akashvani News | Dr. Ranoj Pegu
লখিমপুৰত ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ