লক্ষ্ণৌৰ গুদাম্বা আৰক্ষী চকীৰ বেহতা বজাৰ অঞ্চলত থকা এটা অবৈধ ফটকা কাৰখানাত আজি সংঘটিত এটা বিস্ফোৰণত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫ গৰাকী লোক আহত হয়। জিলা দণ্ডাধীশ ভিছাক জিয়ে জনোৱা মতে, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী যোগী আদিত্যনাথে ঘটনাক কেন্দ্ৰ কৰি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে।
Assamese | August 31, 2025 10:10 PM | Akashvani | Akashvani News
লক্ষ্ণৌৰ বেহতা বজাৰ অঞ্চলত অবৈধ ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ২ গৰাকী লোকৰ মৃত্যুৰ লগতে ৫ গৰাকী লোক আহত