যুথ অলিম্পিক গেমছ ২০২৬ৰ বাবে ভাৰতীয় অলিম্পিক সন্থাৰ দল ঘোষণা

চেনেগালৰ দাকাৰত ৩১ অক্টোবৰৰ পৰা আৰম্ভ হবলগীয়া গ্রীষ্মকালীন যুথ অলিম্পিক গেমছ ২০২৬ৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই দল ঘোষণা কৰিছে।

ভাৰতৰ সম্ভাৱণাপূৰ্ণ যুৱ টেবল টেনিছ খেলুৱৈ চাৰ্থক আৰ্যকে ধৰি ১৭ জন সদস্য বিশিষ্ট এথলীটৰ দলটোৱে ১১ টা শাখাত ক্রীড়া প্রতিযোগিতাখনত ভাগ লব।

আফ্রিকা মহাদেশত প্ৰথমবাৰৰ বাবে হ’বলগীয়া অলিম্পিক সমাৰোহৰ কৃতীত্বৰে দাকাৰ ২০২৬ য়ে এটা ঐতিহাসিক মাইলৰ খুটিৰূপে পৰিগণিত হৈছে।

২০৭ টা প্রতিনিধি দলৰ প্ৰায় ২ হেজাৰ ৭০০ যুৱ এথলীটসকলে ২৫ টা ক্রীড়া প্রতিযোগিতাত প্ৰতিনিধিত্ব আগঢ়াব। যুৱ অলিম্পিক প্রতিযোগিতাখনত ১৭ বছৰ পৰ্যন্ত খেলুৱৈৰ বাবে মুকলি থাকে। ভাৰতীয় অলিম্পিক সন্থাই সকলো এথলীট, প্রশিক্ষক আৰু দলৰ সহায়কাৰী ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

ক্রীড়া সমাৰোহখনত ভাৰতীয় অলিম্পিক সন্থাই নামিবিয়া আৰু মৰিচাচকে ধৰি কেইবাখনো আফ্রিকান নেচনেল সমিতিৰ সৈতে ক্রীড়া সহযোগিতা বৃদ্ধি কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।