মৰিগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত সৃষ্টি সিঙে আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সংবাদ মাধ্যমৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে।
ইয়াৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্রিম বানৰ সমস্যা, নিচা জাতীয় দ্ৰব্যৰ প্ৰচলন তথা কৃষকসকলৰ সহায় হোৱাকৈ জিলাখনত জনসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্রয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
এই ক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াসৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।