বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি মাস্কাত ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছৈদিক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে এই আলোচনাত বাণিজ্য, বিনিয়োগ, সংযোগ, সামুদ্রিক, প্রযুক্তি, প্ৰতিৰক্ষা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।
উপসাগৰীয় অঞ্চলৰ উন্নয়ন, আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ প্ৰচেষ্টাৰ ওপৰতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। এই আলোচনাসমূহে ভাৰত আৰু ওমানৰ মাজত কৌশলগত অংশীদাৰিত্বৰ আস্থা আৰু শক্তিক প্ৰতিফলিত কৰে বুলি ড০ জয়শংকৰে মন্তব্য কৰে।