ডুবাইত মহিলা টি-২০ এছিয়া কাপ ক্রিকেটৰ ফাইনেলত আজি ভাৰত যোৱাবাৰৰ বিজয়ী শ্রীলংকাৰ মুখামুখি হ’ব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত এই খিতাপ অৰ্জনৰ যুঁজখন আৰম্ভ হ’ব। সাতবাৰৰ চেম্পিয়ন ভাৰতে এ গ্ৰুপৰ তিনিওখন খেলতে জয়লাভ কৰি অপৰাজিতভাৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰিছিল।
আনহাতে শ্রীলংকায়ো গ্রুপ পৰ্যায়ৰ আটাইকেইখন মেচত জয়ী হোৱাৰ অন্তত ছেমিফাইনেলত পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে।
মহিলা এছিয়া কাপৰ ইতিহাসত সাতবাৰকৈ খিতাপ অৰ্জন কৰা ভাৰত সৰ্বাধিক সফল দল যদিও যোৱাবাৰৰ মুখামুখিত শ্রীলংকাই ২০২৪ চনৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি প্ৰথমবাৰলৈ এছিয়া কাপ জয় কৰিছিল।