মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত দুখন নির্বাচনী সভাত ভাগ ল’ব। ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি বুলধানা জিলাৰ চিখালি আৰু গন্দিয়াত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ইফালে, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ মুৰব্বী শাৰদ পাৱাৰে নাচিক আৰু আহমেদ নগৰত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ ল’ব।
Assamese | November 12, 2024 2:19 PM | Amit Shah | ECI | Election | maharastra | PMO India
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ