November 16, 2024 8:56 PM | narendra modi | PM Modi

printer

মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মহা মিত্ৰজোঁট চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সৱলীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰে। মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ বিজেপি কৰ্মীসকলৰ লগত ভার্চুৱেল ব্যৱস্থাৰে বাৰ্তালাপ কৰি কয়, যে মহাৰাষ্ট্ৰৰ জনসাধাৰণ মহায়ুটি চৰকাৰৰ আঢ়ৈ বছৰীয়া শাসনত অতিশয় সন্তুষ্ট। তেওঁ বিজেপি কৰ্মীসকলৰ অদম্য ত্যাগক প্ৰশংসা কৰি কয়, যে কর্মীসকলে বিগত কেইবামাহো ধৰি অক্লান্তভাৱে কাম কৰি যোৱাটো গণতন্ত্ৰৰ সৰ্ববৃহৎ তপস্যা বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে আৰু কয়, যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কৰ্মীসকলৰ বিগত মাহত কৰা সাধনাৰ, সিদ্ধিৰ সময় আহি পৰিছে।