প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্রধানমন্ত্রী শ্রীমোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মহাত্মা আয়নকলিক সামাজিক ন্যায় আৰু সৱলীকৰণৰ এক প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। উল্লেখযোগ্য যে সমাজ সংস্কাৰক, শিক্ষাবিদ মহাত্মা আয়নকলিয়ে কেৰালাত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ পুলায়া সম্প্ৰদায়ৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে যুঁজ দিছিল। তেওঁ সমাজত জাত-পাতৰ বাধা নিষেধ আঁতৰোৱাৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে দলিত সম্প্ৰদায়ৰ শিশুৰ শিক্ষাৰ উদ্দেশ্যে বিদ্যালয় প্রতিষ্ঠা কৰিছিল। দলিত সম্প্ৰদায়ৰ একতা আৰু সৱলীকৰণৰ বাবে মহাত্মা আয়নকলিয়ে সাধু জন পৰিপালন সংঘম প্রতিষ্ঠা কৰিছিল।
Assamese | August 28, 2025 8:55 PM | Akashvani Guwahati | narendra modi | PMO India
মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন