জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠক কালি ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বৈঠকত ভাগ লোৱা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে। বৈঠকৰ প্ৰথম দিনা ২০২৫-২৬ বৰ্ষৰ বাবে জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সহযোগিতা সন্দৰ্ভত ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ কাৰ্য পৰিকল্পনাত মন্ত্ৰী ৰায় আৰু ৰাছিয়াৰ অসামৰিক সুৰক্ষা, জৰুৰীকালীন পৰিস্থিতি আৰু প্ৰাকৃতিক বিপর্যয় ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কুৰেনকোব অলেক্সান্দ্ৰই হস্তাক্ষৰ কৰে। দুয়োখন দেশে ২০২৫-২৬ বৰ্ষৰ সময়ছোৱাত এই পৰিকল্পনা ৰূপায়ণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে আৰু বিপর্যয় ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰযুক্তিৰ আদান-প্রদান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত যোৱাবাৰৰ চুক্তি ৰূপায়ণৰ ৰণনীতি প্ৰস্তুত কৰাৰ দিশৰ পৰা এই বৈঠক অতিকে গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে, জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ প্ৰথমলানি বৈঠক ২০১৬ চনত নতুন দিল্লীত অনুষ্ঠিত হৈছিল।
Assamese | August 29, 2024 1:15 PM | Indo-Russia Meet
মস্কোত জৰুৰীকালীন ব্যৱস্থাপনা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠক