ভোকেল ফৰ লোকেল অভিযানে ভাৰতীয় সামগ্ৰীসমূহক গোলকীয় বজাৰলৈ লৈ যোৱাত সহায় কৰিছে বুলি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিহাৰৰ পূৰ্ণিয়াৰ মখনা গ্ৰীচ আৰু কৰ্ণাটৰ কালাবুৰ্গিৰ ৰহৰ ডাইল মালদীপলৈ ৰপ্তানি কৰা হৈছে। ভাৰতীয় খেতিয়কসকলৰ বাবে নতুন গোলকীয় বজাৰ মুকলি হোৱা বুলি তেওঁ মন্তব্য কৰে।
এইবাৰ গান্ধী জয়ন্তীত এদিনতে ২৮ কোটি টকাৰো অধিক খাদী আৰু গ্ৰামোদ্যোগ সামগ্ৰীৰ বিক্ৰী হোৱাক লৈও প্রধানমন্ত্রীয়ে সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয়, যে খাদী সামগ্ৰীৰ জনপ্রিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু খাদী তথা বিভিন্ন হস্তশিল্পজাত সামগ্রী উৎপাদনৰ সৈতে জড়িত লোকসকল ইয়াৰ পৰা লাভান্বিত হৈছে।
তেওঁ লগতে উৎসৱৰ বতৰত স্থানীয় শিপিনী আৰু শিল্পীৰ দ্বাৰা উৎপাদিত সামগ্ৰী ব্যৱহাৰৰ অগ্রাধিকাৰ দিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয়, যে এনে কৰিলে ভোকেল ফৰ লোকেল বিপ্লব শক্তিশালী হ’ব আৰু শীঘ্রেই আত্ম নিৰ্ভৰ ভাৰতৰ সপোন বাস্তবায়িত হ’ব।