October 25, 2026 6:44 PM
4
ভোকেল ফৰ লোকেল অভিযানে ভাৰতীয় সামগ্ৰীসমূহক গোলকীয় বজাৰলৈ লৈ যোৱাত সহায় কৰিছে বুলি প্রধানমন্ত্রী মোদীৰ মন্তব্য
ভোকেল ফৰ লোকেল অভিযানে ভাৰতীয় সামগ্ৰীসমূহক গোলকীয় বজাৰলৈ লৈ যোৱাত সহায় কৰিছে বুলি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিহাৰৰ পূৰ্ণিয়াৰ মখনা গ্ৰীচ আৰু কৰ্ণাটৰ কালাবুৰ্গিৰ ৰহৰ ডাইল মালদীপলৈ ৰপ্তানি কৰা হৈছে। ভাৰতীয় খেতিয়কসকলৰ বাবে নতুন গোলকীয় বজাৰ মুকলি হোৱা বুলি তেওঁ মন্তব্য কৰে। এইবাৰ গান্ধী জয়ন্তীত এদিনতে ২৮ কোটি টকাৰো অধিক খাদী আৰু গ্ৰামোদ্যোগ সামগ্ৰীৰ বিক্ৰী হোৱাক লৈও প্রধানমন্ত্রীয়ে সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয়, যে খাদী সামগ্ৰীৰ জনপ্রিয়তা ক্ৰমাৎ বৃদ...