October 25, 2026 6:44 PM

views 4

ভোকেল ফৰ লোকেল অভিযানে ভাৰতীয় সামগ্ৰীসমূহক গোলকীয় বজাৰলৈ লৈ যোৱাত সহায় কৰিছে বুলি প্রধানমন্ত্রী মোদীৰ মন্তব্য

ভোকেল ফৰ লোকেল অভিযানে ভাৰতীয় সামগ্ৰীসমূহক গোলকীয় বজাৰলৈ লৈ যোৱাত সহায় কৰিছে বুলি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিহাৰৰ পূৰ্ণিয়াৰ মখনা গ্ৰীচ আৰু কৰ্ণাটৰ কালাবুৰ্গিৰ ৰহৰ ডাইল মালদীপলৈ ৰপ্তানি কৰা হৈছে। ভাৰতীয় খেতিয়কসকলৰ বাবে নতুন গোলকীয় বজাৰ মুকলি হোৱা বুলি তেওঁ মন্তব্য কৰে। এইবাৰ গান্ধী জয়ন্তীত এদিনতে ২৮ কোটি টকাৰো অধিক খাদী আৰু গ্ৰামোদ্যোগ সামগ্ৰীৰ বিক্ৰী হোৱাক লৈও প্রধানমন্ত্রীয়ে সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয়, যে খাদী সামগ্ৰীৰ জনপ্রিয়তা ক্ৰমাৎ বৃদ...

October 25, 2026 12:29 PM

views 2

মন কী বাত অনুষ্ঠানৰ যাত্ৰাক তীর্থ যাত্ৰাতকৈ কম নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানে ১২ বছৰ সম্পূৰ্ণ কৰিছে আৰু এই যাত্ৰা তেওঁৰ বাবে তীর্থ যাত্রাতকৈ কম নহয় বুলি প্রকাশ কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয়, যে ১২ বছৰ পূৰ্বে বিজয়া দশমীৰ পৱিত্ৰ দিনটোত এই অনুষ্ঠান প্ৰথমবাৰৰ বাবে প্ৰচাৰ কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই যাত্রা অবিৰত ভাবে অব্যাহত আছে। মন কী বাত অনুষ্ঠানৰ শ্ৰোতাসকলক সহযাত্রী আৰু পথ প্রদর্শক বুলি অভিহিত কৰি শ্রী মোদীয়ে কয়, যে এই অনুষ্ঠান দেশৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, সাহস, প্রতিশ্রুতিবদ্ধতা, নিষ্ঠা আৰু সেৱাৰ...