প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানে ১২ বছৰ সম্পূৰ্ণ কৰিছে আৰু এই যাত্ৰা তেওঁৰ বাবে তীর্থ যাত্রাতকৈ কম নহয় বুলি প্রকাশ কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয়, যে ১২ বছৰ পূৰ্বে বিজয়া দশমীৰ পৱিত্ৰ দিনটোত এই অনুষ্ঠান প্ৰথমবাৰৰ বাবে প্ৰচাৰ কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই যাত্রা অবিৰত ভাবে অব্যাহত আছে।
মন কী বাত অনুষ্ঠানৰ শ্ৰোতাসকলক সহযাত্রী আৰু পথ প্রদর্শক বুলি অভিহিত কৰি শ্রী মোদীয়ে কয়, যে এই অনুষ্ঠান দেশৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, সাহস, প্রতিশ্রুতিবদ্ধতা, নিষ্ঠা আৰু সেৱাৰ মনোভাব উদযাপনৰ পৱিত্ৰ উপলক্ষ্য হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, যে সমাজ আৰু দেশৰ বাবে জীবন যাপন কৰা লোকসকল নিজেই তীর্থ স্বৰূপ।
মন কী বাত অনুষ্ঠানৰ যোগেদি দেশৰ জনসাধাৰণৰ সমূহীয়া শক্তিৰ প্ৰতি পূজা-অর্চনা আগবঢ়োৱা বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয়, যে এই অনুষ্ঠানে তেওঁক দেশৰ ঢুকে কোণে থকা প্ৰতিটো পৰিয়ালৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ প্রদান কৰে।