ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি, আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰীয়, মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নতুন দিল্লীত অনুষ্ঠিত ঊনবিংশ ভাৰত-ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হোৱাই টুংৰ সৈতে সহ অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে ।
ড০ জয়শংকৰে কয়, যে এই বৈঠক দুয়োদেশৰ মাজৰ বাণিজ্যিক, অর্থনৈতিক, বৈজ্ঞানিক আৰু বাণিজ্যিক সহযোগিতাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ এটা সুন্দৰ সুযোগ। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত আৰু ভিয়েটনামৰ মাজৰ ৰাজনৈতিক, প্ৰতিৰক্ষা, আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে বিভিন্ন উপায়ৰ লগতে ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী, যোগান বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত বাণিজ্য, বিনিয়োগ, যোগান শৃংখলা আৰু সামুদ্রিক, কৃষিজাত সামগ্ৰী আৰু ভেষজ সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে। ইয়াৰ লগতে শক্তি সহযোগিতা, ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক প্রকল্পসমূহৰ বিষয়েও আলোচনা কৰা হয়। অহা বছৰলৈ ভাৰত আৰু ভিয়েটনামৰ বন্ধুত্বপূর্ণ সম্পৰ্কৰ ৫৫ বছৰ সম্পূৰ্ণ হ’ব। এই উপলক্ষে দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক উদযাপন কৰা হ’ব বুলি দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে।