ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংঙ্গী আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সাৰ্বভৌমত্ব আৰু ভৌগালিক অখণ্ডতাৰ নীতিৰ ওপৰত আধাৰিতঃ পবিত্ৰ মাৰ্ঘেৰিটা

ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংঙ্গী আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সার্বভৌমত্ব আৰু ভৌগালিক অখণ্ডতা, সামুদ্ৰিক আৰু আকাশী পথৰ স্বতন্ত্রতা, বৈধ ব্যৱসায় আৰু বিবাদৰ শান্তিপূর্ণ সমাধানৰ ওপৰত আধাৰিত বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে।

পালাউৰ কৰোৰত অনুষ্ঠিত প্ৰশান্ত সাগৰীয় দ্বীপ মঞ্চৰ নেতাসকলৰ ৫৫ সংখ্যক বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কালি কয় যে, ভাৰতে প্ৰশান্ত মহাসাগৰীয় এলেকাক দূৰৱৰ্তী অঞ্চল হিচাপে নহয় বৰং ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰে।

আন্তৰাষ্ট্ৰীয় সৌৰজোঁট, বিপৰ্য্য অনুকূল আন্তঃগাঁথনি জোঁট আৰু গোলকীয় জৈৱ ইন্ধন জোঁটৰ জৰিয়তে ভাৰতে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰি শ্ৰী মাৰ্ঘেৰিটাই কয় যে, ভাৰতে সমগ্ৰ ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত মানৱীয় আৰু দুৰ্যোগ সাহায্য প্রচেষ্টা সুদৃঢ় কৰি তুলিছে।

বৈঠকত অংশ লোৱাৰ সুযোগতে মন্ত্ৰীগৰাকীয়ে টংগোৰ প্ৰধানমন্ত্ৰী লৰ্ড ফাকাফানুৱাক সাক্ষাৎ কৰে আৰু ভাৰত-টংগোৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।