ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানে আজি ভায়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে।
নতুন দিল্লীত এই আর্হি মুকলি কৰি ইলেক্টনিকছ আৰু তথ্য প্রযুক্তি দপ্তৰৰ সচিব এছ কৃষ্ণণে কয়, যে ভাৰতৰ কৃত্রিম বুদ্ধিমত্তাৰ যাত্ৰাত এই আৰ্হিৰ উন্মোচন মাইলৰ খুটি হিচাপে বিবেচিত হৈছে।
তেওঁ কয়, যে এই আৰ্হিয়ে গৱেষণাৰ সামৰ্থ বৃদ্ধি কৰাৰ লগতে থলুৱাভাৱে বিকশাই তোলা কৃত্রিম বুদ্ধিমত্তাৰ দক্ষতা আৰু এই ক্ষেত্ৰত এটা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা প্রতিফলিত কৰে।
ইলেক্টনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানৰ সহযোগত অৱতাৰ নামৰ এটা কৃত্রিম বুদ্ধিমত্তা নিৰ্মাণৰ কোম্পানীয়ে এই আৰ্হিটো বিকশাই তুলিছে।