ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূর্তি উদযাপন কৰিছে

ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূর্তি উদযাপন কৰিছে। ১৯২৬ চনত হকীৰ জৰিয়তে এই সম্পৰ্ক আৰম্ভ হোৱাৰ পাছত এইবিধ খেলেই বৰ্তমানলৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক ঘনিষ্ঠ কৰি তুলিছে।

উল্লেখযোগ্য যে ১৯২৬ চনত ভাৰতীয় সেনাৰ হকী দলটো নিউজিলেণ্ড ভ্ৰমণলৈ গৈছিল। সেইটোৱেই আছিল দেশখনলৈ যোৱা ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল। ভাৰতীয় ক্রীড়া জগতৰ কিংবদন্তি পুৰুষ মেজৰ ধ্যানচান্দে অংশগ্ৰহণ কৰা এই ঐতিহাসিক দলটোৱে দেশৰ হকীৰ ইতিহাসত অন্যতম স্মৰণীয় অধ্যায়ৰ সূচনা কৰে।

আকাশবাণীৰ সংবাদদাতাই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে সুদীৰ্ঘ ১০০ বছৰৰ পাছতো দেশ দুখনৰ মাজৰ এই সম্পর্ক অব্যাহত আছে। চলিত বৰ্ষৰ আগভাগতে ভাৰতীয় মহিলা হকী দলটোৱে অকলেণ্ডত অনুষ্ঠিত এফ আই এইচ মহিলাৰ নেচন্‌ছ কাপ হকী প্ৰতিযোগিতাত আয়োজক দেশ নিউজিলেণ্ডক পৰাভূত কৰি খিতাপ অৰ্জন কৰে।

সাম্প্রতিক প্ৰেক্ষাপটত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিউজিলেণ্ড ভ্রমণে দেশ দুখনৰ মাজৰ এই সহযোগিতামূলক সম্পর্কক অধিক শক্তিশালী কৰি তুলিব বুলি হকী নিউজিলেণ্ডৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ১৯৭৬ চনৰ অলিম্পিকত সোণৰ পদক বিজেতা ৰমেশ পেটেলে আশা প্রকাশ কৰে।

উল্লেখযোগ্য যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ক্ৰীড়াক্ষেত্ৰৰ সম্পৰ্কই শতবৰ্ষ উদযাপন কৰাৰ সময়তো হকী, উভয় দেশৰ মাজৰ সম্পৰ্কৰ সেতু হিচাপে পৰিগণিত হৈ আহিছে। এইবিধ খেলে দেশ দুখনৰ মাজৰ জনসাধাৰণক পৰস্পৰৰ সৈতে সম্পর্কিত কৰি ৰখাই নহয়, বৰঞ্চ ভৱিষ্যতৰ প্ৰজন্মসমূহকো অনুপ্ৰাণিত কৰি থাকিব।