● ভাৰতে ২০২৯ চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি ৩ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্রীয়মন্ত্রী ডঃ মনসুখ মন্দাৱীয়াই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে প্ৰতিৰক্ষা উৎপাদনত ভাৰতৰ উল্লেখনীয় বিকাশ হৈছে আৰু সম্প্ৰতি এই উৎপাদন ১ লাখ ৫০ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। একেদৰে অহা ৪ বছৰত প্ৰতিৰক্ষা ৰপ্তানি দুগুণ বৃদ্ধি হৈ ২৫ হাজাৰ কোটিৰ পৰা ৫০ হাজাৰ কোটি টকা হ’ব বুলি ডঃ মন্দাৱিয়াই প্ৰকাশ কৰে। ই গোলকীয় প্ৰতিৰক্ষা নেতৃত্বত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে।
Assamese | December 18, 2025 4:43 PM | Akashvani | Akashvani News | India Defence Ministry
ভাৰতে ২০২৯ চনৰ ভিতৰত নিজৰ প্ৰতিৰক্ষা উৎপাদন দুগুণ কৰি ৩ লাখ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ