ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধনৰ পৰা বিদ্যুৎ উৎপাদনৰ সামর্থ্য ১৯০ গিগাৱাট বৃদ্ধি কৰাৰ উদ্দেশ্যে ২২ হাজাৰ কোটি ডলাৰ বিনিয়োগৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি কেন্দ্রীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত নবীকৰণযোগ্য শক্তি শীর্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা বছৰত নবীকৰণযোগ্য শক্তি খণ্ডত ঘৰুৱা বিনিয়োগ আৰু প্রত্যক্ষ বিদেশী বিনিয়োগসহ মুঠ ৭ লাখ কোটি টকা বিনিয়োগ হৈছে। তেওঁ কয় যে বিনিয়োগৰ এই ধাৰা আগলৈ অব্যাহত থাকিব আৰু ভাৰতে নিৰ্ধাৰিত সময়ৰ ভিতৰত ৫০০ গিগাবাট বিদ্যুৎ উৎপাদনৰ সাম্য অৰ্জনৰ লক্ষ্যত উপনীত হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুযায়ী আৰু ৩০০ গিগাৱাট সামর্থ্য সংযোজনৰ বাবে ৰণকৌশল যুগুত কৰা হৈছে বুলি শ্রীযোশীয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশত সম্প্রতি অজীৱাশ্ম ইন্ধন উৎসৰ পৰা ৩১০ গিগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা আছে আৰু কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত এই সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধি কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। অনুষ্ঠানত ভাগ লৈ নবীকৰণযোগ্য শক্তি সচিব সন্তোষ কুমাৰ সাৰংগীয়ে কয় যে চৰকাৰে সৌৰ প্ৰণালীৰ আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ উদ্দেশ্যে নতুন নীতি নির্দেশনা যুগুতাই আছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা ২ নৱেম্বৰত এই সম্মিলন উদ্বোধন কৰিছিল। এই উপলক্ষে দিয়া ভাষণত শ্রীমোদীয়ে কোভিড-১৯ মহামাৰী আৰু পশ্চিম এছিয়াৰ সংকটৰ ফলত উদ্ভৱ হোৱা গোলকীয় বিপৰ্যয়ৰ পৰা দেশক সুৰক্ষিত ৰখাৰ দিশৰ পৰা নবীকৰণযোগ্য শক্তি খণ্ডত ভাৰতৰ নিৰন্তৰ বিনিয়োগৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰিছে।