November 6, 2026 9:52 AM
6
ভাৰতে অজীৱাশ্ম ইন্ধনৰ পৰা বিদ্যুৎ উৎপাদনৰ সামর্থ্য বৃদ্ধি লক্ষ্য লৈছে : প্ৰহ্লাদ যোশী
ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধনৰ পৰা বিদ্যুৎ উৎপাদনৰ সামর্থ্য ১৯০ গিগাৱাট বৃদ্ধি কৰাৰ উদ্দেশ্যে ২২ হাজাৰ কোটি ডলাৰ বিনিয়োগৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি কেন্দ্রীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত নবীকৰণযোগ্য শক্তি শীর্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা বছৰত নবীকৰণযোগ্য শক্তি খণ্ডত ঘৰুৱা বিনিয়োগ আৰু প্রত্যক্ষ বিদেশী বিনিয়োগসহ মুঠ ৭ লাখ কোটি টকা বিনিয়োগ হৈছে। তেওঁ কয় যে...