ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ কেইটামান ৱেৱছাইট পাকিস্তানী হেকাৰে হেক কৰাৰ প্ৰয়াস চলোৱাৰ বিষয়ে তথ্য পোৱা গৈছে। প্ৰতিৰক্ষা সূত্রই নতুন দিল্লীত প্ৰকাশ কৰা অনুযায়ী পাকিস্তানী হেকাৰে ইণ্ডিয়ান মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিছ আৰু মনোহৰ পাৰিকাৰ ইন্সটিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছৰ ৱেৱছাইট কেইটাত প্ৰৱেশ কৰি প্ৰতিৰক্ষা বাহিনীৰ বিষয়া কৰ্মচাৰীৰ ব্যক্তিগত লগ ইন তথ্য লাভ কৰাৰ সম্ভেদ পোৱা গৈছে। ইয়াৰ উপৰি পাকিস্তানী হেকাৰে ভাৰতত আমৰদ ভেহেকল নিগম লিমিটেডৰ চৰকাৰী ৱেৱছাইটতো অনাধিকাৰ প্ৰবেশৰ চেষ্টা চলায়। হেকাৰসকলে এই ছাইটটোত পাকিস্তানৰ পতাকা আৰু পাকিস্তানৰ অল খলিদ টেংকৰ ছবি সংস্থাপন কৰে। সতর্কতামূলক ব্যৱস্থা হিচাপে আমৰদ ভেহেকল নিগম লিমিটেডৰ ৱেৱছাইটটো অফলাইন কৰা হৈছে। ভাৰতীয় চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ আৰু সংশ্লিষ্ট সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে ভাৰতৰ সংবেদনশীল ৱেৱছাইট সমূহৰ ওপৰত সম্ভাব্য হেকিঙৰ বিৰুদ্ধে চলোৱা প্ৰয়াসৰ ওপৰত নিৰন্তৰ চকু ৰাখিছে।
Assamese | May 5, 2025 8:27 PM | Akashvani Guwahati | Akashvani News | Indian Defence | Pakistan-hackers
ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ কেইটামান ৱেৱছাইট পাকিস্তানী হেকাৰে হেক কৰা প্ৰয়াসৰ বিষয়ে তথ্য পোৱা গৈছে