প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰায় নিৰ্বাচিত লুলা-দা-ছিলভাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ বহুমুখী কৌশলগত সম্পৰ্কক অধিক গভীৰ তথা সম্প্ৰসাৰিত কৰাৰ হকে লুলা-দা-ছিলভাৰ সৈতে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
বিভিন্ন খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে গ্লোবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিককৰণৰ দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ অগ্ৰাধিকাৰৰ বিষয়বোৰত একেলগে আগবাঢ়ি যোৱা আৰু সামগ্ৰিকভাৱে এখন সুস্থিৰ বিশ্ব গঢ়ি তোলাৰ হকে কাম কৰাৰ দিশত ভাৰত আৰু ব্ৰাজিলৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে৷
উল্লেখযোগ্য যে শেহতীয়াকৈ অনুষ্ঠিত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত বাওঁপন্থী প্রার্থী লুইজ ইনাছিঅ’ লুলা- দা-ছিলভাই ৫১ শতাংশ ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বী প্রার্থী সোঁপন্থী ছিনেটৰ ফ্লেবিঅ’ বলছ’নাৰোক পৰাভূত কৰে। দা-ছিলভাই ৫ কোটি ১৪৯ লাখ ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী প্রার্থী বলছ’নাৰোৱে ৪ কোটি ৮৮ লাখ ভোট লাভ কৰে। পৰাভূত প্রার্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ হ’ল ৪৮.৬৮ শতাংশ। এই নির্বাচন তীব্র প্রতিদ্বন্দ্বিতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত ভোটকেন্দ্ৰসমূহ নিৰ্ধাৰিত সময়তকৈ দুঘণ্টাৰো অধিক সময় খোলা ৰাখিবলগীয়া হয়।
উল্লেখযোগ্য যে আধুনিক ব্রাজিলৰ ইতিহাসত দা-ছিলভা, প্রথম পৰ্যায়ত পিছপৰি থাকি দ্বিতীয় পৰ্যায়ত পুনৰ অগ্রগতি লাভেৰে ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত জয়লাভ কৰা একমাত্র প্রার্থী হিচাপে পৰিগণিত হৈছে। দেশখনৰ জ্যেষ্ঠতম ৰাষ্ট্ৰপতি হিচাপে পূৰ্বে নিজে গঢ়া অভিলেখ ভংগ কৰি ৮০ বছৰ বয়সীয়া দা-ছিলভাই অহা বছৰ ৫ জানুৱাৰীত পুনৰ শপত গ্ৰহণ কৰিব।