November 1, 2026 8:32 PM | Vande Bharat Launched

printer

বেংগালুৰু-মুম্বাই বন্দে ভাৰত ৰে’ল পতাকা জোকাৰি মুকলি

ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি বেংগালুৰু-মুম্বাই বন্দে ভাৰত ৰে’ল পতাকা জোকাৰি মুকলি কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই পদক্ষেপৰ শলাগ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে কয়, যে ইয়াৰ জৰিয়তে বেংগালুৰু আৰু মুম্বাইৰ মাজৰ যাতায়াত ব্যৱস্থাৰ উন্নয়ন তুৰান্বিত হ’ব। তদুপৰি, এই ৰে’লখনৰ জৰিয়তে কর্ণাটক, অন্ধ্রপ্রদেশ আৰু মহাৰাষ্ট্ৰৰ যুৱক-যুৱতী, তথ্য-প্রযুক্তি খণ্ডৰ পেছাদাৰী তথা শিক্ষার্থীসকল উপকৃত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে।